Paranormal society of Assam - Ghost Haunting Group North East India

Paranormal society of Assam - Ghost Haunting Group North East India

@paranormalsocietyofassam

Paranormal Society of Assam - First North East India Paranormal Group Located in the state Assam we Investigate Haunted Places and Help people to find the actual cause behind them.

Subscribers: 173

Knowledge of share market in Assamese

https://t.me/theassameseinvestor

১৯৯৬ ৰ ৰাতি ১০:২০ মান বাজিছে যেনে তেনে গৈ ঘৰ পালেই হল । তাতে পুহ মাহৰ ঠাণ্ডা ফেৰফেৰিয়া বতাহ জাকৰ সৈতে আন্ধাৰ ৰাতি, চৰাইদেউ জিলাৰ ৰাঙলী ৰিজাৰ্ভৰ মাজেৰে লুংলোঙিয়া খলাবমা ৰাষ্টা ,মানুহৰ ঘৰ তেনেই কম আছিল সেই পথত , স্কুটাৰৰ পোহৰ কম ৰাতি কুঁৱলী পৰা আৰম্ভ হৈছে।

মোৰ প্ৰেয়সীৰ সমন্ধীয় ভাগিনিয়েকৰ লগুন দিয়নী খাই দুয়ো ঘুৰি আহি আছো । তাই মুখেৰে কুমাৰ চানু ৰ গীত এটি গুণগুণাই আছে, মাজে মাজে তাই দুই এটা কথাও নপতা নহয় পিছে ।

ৰিজাৰ্ভৰ সোঁমাজ পাইছোহি মাত্ৰ হাবিৰ মাজৰ পৰা বৰতাল বজোৱা শব্দ শুনা গৈছিল লাহে লাহে তাল বজোৱাৰ মাত ডাঙৰ কৈ শুনা গৈছিল ।

ৰিনি (প্ৰেয়সীৰ নাম)য়ে কলে“ তাল বজোৱা মাত শুনিছা কৰবাত সকাম পাতিছে ছাগে " লাইটৰ পোহৰত হাতৰ ঘড়িটোলৈ চালোঁ ১১:৪৮ বাজিল ।

অলপ ভয় ভয়ো লাগিছে তেনেতে হাবিৰ মাজত জুই একোৰা জ্বলি থকা দেখা গল তাই কলে "মানুহৰ ঘৰ ছাগে ঠাণ্ডাত জুই ফোঁৱাইছে হবলা " আমাৰ ধাৰণা ভুল আছিল।

অলপ দুৰৈত জুইএকুৰা উৰি ফুৰা যেন লাগিল ওচৰত কোনো মানুহৰ ঘৰো নাই ।

তাই ভয়তে পিছফালৰ পৰা মোক জোৰকৈ সাৱটি ধৰিলে , মই স্কুটাৰ ৰ লাইটটো নুমাই দিলো হঠাৎ আমাৰ পৰা কেইনল মান দুৰৈত উৰি থকা জুইকুৰা আমাৰ আগেয়ে পাৰ হৈ গল কি আচৰিত।

কেতিয়া কেনেকৈ কিমান স্পীপিদত আহিলোঁ নাজানো মৰাণ টাউন পাইহে 😫😫দীঘল দীঘল কৈ উশাহ লৈহে তত পালো ।

পাছত মানুহৰ মুখেৰে গম পাইছিলোঁ যে সেয়া ধনগুলৈ ( মাটিৰ তলত থকা ধনৰ কলহ)ৰ ৰখিয়া ধনজুই , কাৰো অনিষ্ট নকৰে মাথোঁ ধনগুলৈ ৰ ৰখিয়া হে কৰে প্ৰায়েই ৰাতি ওলাই বুলি সেই ককাদেউতা এজনে কৈছিল ।

আজিকালি হাবি কাটি মানুহৰ ঘৰ বনোৱা ৰ বাবে ধনজুই দেখিবলৈ পোৱা নাযায় ।

ধনজুই দেখিছে নে ?

উক্ত অভিজ্ঞতা A Kuldeep Bhorolwa ই ‎ৰহস্যময় অভিজ্ঞতা facebook গ্ৰুপত পোষ্ট কৰিছে।

👉সংযোজন

👉বিঃদ্ৰঃ ধনগুলৈ পচা বস্তু আদি থকা জেকা ঠাইৰ পৰা ওলোৱা এবিধ বায়ু বাষ্পৰ সংস্পৰ্শত জ্বলি উঠাৰ ফলত সৃষ্টি হোৱা জুই। পতিত বা পৰিত্যক্ত জলাহভূমিত মাজে মাজে ৰাতি এনে অস্থায়ী অগ্নিশিখা দেখা যায়। ইয়াক অন্যান্য নাম যেনে- উকা, ধনগুলৈ, গুলৈ, আধামূৰী, আধা-মূৰীয়া, আধামুণ্ডী আদিৰেও জনা যায়

Paranormal society of Assam - Ghost Haunting Group North East India

২০২০ চনৰ ১৫ মাৰ্চৰ কথা সিদিনা মোৰ জন্ম দিন আৰু সেই বিশেষ দিনটোতেই মই আত্মহত্যা কৰিছিলোঁ । ২০১৮ চনত ইতিমধ্যে মোৰ মা-দেউতাৰো প্ৰাকৃতিক জনিত কাৰণত মৃত্যু হৈ গৈছে । মই সাংঘাটিক ধৰণৰে মানসিকভাৱে ভাঙি পৰিছিলোঁ । প্ৰত্যেক দিনৰ anxiety depression stress ত মই জীয়াই থকাৰ হেপাঁ‌হ হেৰুৱাই পেলাইছিলোঁ‌। এনেকুৱা লাগিছিল যেন প্ৰতিতো উশাহ-নিশাহত যেনিবা বুকুত ১০ কেজি ওজনৰ এটা শিলহে কঢ়িয়াই ফুৰো। কিন্তু মোক ইয়াৰ বাবে বাৰুকৈ ইন্ধন যোগাইছিল যিজন ল'ৰাৰ লগত মা-দেউতা জীৱিত থকা অৱস্থাত মোৰ বিয়া ঠিক হৈছিল। সি মোৰ ওপৰত নানান ধৰণৰ কাইটিয়া কথাৰে ৰাতিপুৱাৰ পৰা ৰাতিলৈকে মানসিক অত্যাচাৰ চলাইছিল শেষত উপায়ন্তৰ হৈ আত্মহত্যা কৰিবলৈ বাধ্য হৈ পৰিলোঁ। মোৰ জন্ম দিন আৰু কাষত মোক জন্ম দিয়া এটাও মানুহ নাই আনফালে যাৰ ওপৰত ভৰসা কৰি নিজৰ ভৱিষ্যৎ এৰি দিছিলো সিও অন্য ছোৱালীৰ লগত সম্পৰ্ক ৰাখিবলৈ মোৰ ওপৰত অত্যাচাৰ কৰে। সম্পূৰ্ণ ২ বছৰ সকলোবোৰ মুখৰ এটা মাত নোহোৱাকৈ সকলো অত্যাচাৰ সহ্য কৰি গ'লো । আচৰিত কথাটো হ'ল যে মই ২০-২৫ মিনিট সময় খিৰিকীৰ ventilation ত উলমি থকাৰ পিছতো মৃত্যু মুখত নপৰিলো । ইয়াৰ কাৰণ হয়তো আত্মহত্যাৰ বাবে মা-দেউতাৰ বগা মালা আৰি থোৱা ফটো ৰখা ঠাইখিনিক পছন্দ কৰি লোৱাৰ বাবেই । কিন্তু ইয়াৰ বাবে প্ৰায় ৪ দিনমান অচেতন অৱস্থাত ICU ৰখা হৈছিল । doctor কেইজনে মোৰ আত্মীয়ক আগতীয়াকৈ alert কৰি দিছিল হয়তো মোৰ মৃত্যু হ'ব নতুবা আজীৱন কোমাত থাকিম । আত্মহত্যাৰ সময়খিনি মোৰ বাবে সুবেই বেছি আবেগিক আছিল। সচাঁ‌ অৰ্থত কি জানে মৃত্যুক কোনো ভাল নাপাই । মই নিজেও ভাল পোৱা নাছিলোঁ‌ কাৰণ মোৰ আত্মীয় আছিল মোৰ ঘৰত। দায়িত্ব আছিল মোৰ ওপৰত কিন্তু তথাপিতো সকলো পাহৰি স্বাৰ্থপৰ হৈ সকলোবোৰ যন্ত্ৰণাৰ পৰা মই মুক্ত হ'ব বিচাৰিলোঁ । মোৰ তাত মৃত্যুৰ বাদে আৰু আন কোনো শান্তি আৰু উপায় থকাও নাছিল। কিন্তু আজি মই সম্পূৰ্ণ সুস্থ আৰু মানসিকভাৱে আগতকৈ বহু বেছি শক্তিশালী। মোক দেখিলে বা মোৰ লগত কথা পাতিলে কোনেও ধৰিবই নোৱাৰিব যে মই এগৰাকী আত্মহত্যাকাৰী। ঘটনাটোৰ পিছৰে পৰা মই বহুত বেছি spiritual হৈ পৰিছোঁ‌ যেন কিবা এটা আলৌকিক শক্তি মোৰ ভিতৰত আহি পৰিছে। তান্ত্ৰিক বিদ্যা আৰু black magic ৰ বাদে মই Astrology numerology সকলোবোৰ বিদ্যা জনা হ'লো । মোৰ লগতে আনকি মোৰ আত্মীয়ৰো কিবা যদি বেয়া হ'ব লগীয়া থাকে তেন্তে মই আগতীয়াকৈ অনুমান কৰিব পৰা হ'লো । আত্মহত্যা কৰাৰ পিছৰ প্ৰায় ২ মাহ মান সময় মই স্মৃতিশক্তি হেৰুৱাছিলোঁ‌ আনকি দৈনন্দিনৰ কাম কথাবোৰকো মোৰ মনত থকা নাছিল এইটো বাৰু mental health issues বাবেই হৈছিল । কিয় নাজানো এটা আজিও মই বুজি নাপালোঁ‌ মোৰ একো কথা মনত নাছিল ICU ত মই অচেতন অৱস্থাত আছিলো কিন্তু মোৰ কেনেকৈ চকুৰ আগত কিছুমান দৃশ্যপট ঘুৰি থাকে যে মোৰ ডিঙিৰ পৰা কোনে চুৰ্ণিখন খুলিছিল ? কোনে মোৰ বুকুত জোৰ-জোৰকৈ হেচিছিল ? কোনবোৰ চুবুৰীয়াই আহি মোৰ অচেতন শৰীৰটোৰ কাষত ঠিয় দি কান্দিছিল ? সেই একেখিনি কথা মই মোৰ আত্মীয়ৰ মুখৰে শুনিছিলোঁ‌ কিন্তু কাণেৰে শুনা কথাবোৰ হুবহু কেনেকৈ চকুৰ আগত ভাহি থাকিব নো ?
মোৰ এনেকুৱা লাগে যে মোৰ দেৱতাতুল্য মৃত মা-দেউতাই হয়তো মোক কিছুমান আলৌকিক শক্তি দি থয় গ'ল । (নাম প্ৰকাশিত নকৰিব)

Paranormal society of Assam - Ghost Haunting Group North East India

প্ৰায় ২ বজলৈকে মই সাৰে আছিলো ,ৰুমৰ লাইট জ্বলি আছিল ,বাহিৰত ২:৩০ মানৰ পৰা স্পস্ট খোজ কাঢ়া ,দৰ্জাত গোৰ মাৰাৰ দৰে শব্দ ,খিৰিকি খনো কোনোবাই টুকুৰিয়াই থকা শব্দ শুনিলো । শব্দবোৰ হোৱাৰ অলপ পাছত বেয়া উৎকট গোন্ধ টো পালো । মই গোটেই ৰাতি সাৰে থকাৰ সিদ্ধান্ত ললো ,বিছনাখন খিৰিকিৰ কাষত আছিল ,বিছনালৈও নগলো ,চকী খন লই ৰুমৰ মাজ ভাগত বহি মনে মনে চাৰিওপিনৰ পৰা অহা খোজ কাঢ়া ,ধকিওৱা শব্দবোৰ শুনি সময়বোৰ পাৰ কৰিলো ।ভাবিলো প্ৰথম ১০ দিন মান প্ৰেচাব কৰিবলৈ মই ৰাতি ৩ বজাতো বাহিৰৰ প্ৰসাৱগাৰ গৈছিলো ।ৰুমটোৰ ভিতৰখন বহুত গৰম বাবে অলপ সময় বাহিৰৰ ঠাণ্ডা বতাহো লৈছিলো । সেইবোৰ ভাবি মোৰ অলপ ভয় লাগিছিল ,ৰাতিপুৱাৰ লগে লগে শব্দ বোৰ নোহোৱা হৈছিল,মই পোহৰ হোৱাৰ লগে লগে শুই গৈছিলো ,১০ বজা মানত উঠি ঘৰলৈ গুচি আহিছিলো । এমাহ মান পাছত বেলেগ ৰুম লৈছিলো ,পাছত নলবাৰীৰ মানুহ জনক লগ পাওতে কলে তুমি যোৱাৰ পাছত মালিকে ৰুমটো দুটা ডাঙৰ তলা লগাই বন্ধ কৰি দিছিল । তেওৰ ককায়েকক ৰাতি কোনোবাই পাছফালৰ পৰা গতিয়াল পেলাই দিছিল ,হাত এখন ভাঙিছিল ।

লিখক pranab jyoti kakati

উৎস আমাৰ ফেচবুক গ্ৰুপত লিখকে প্ৰকাশ কৰিছে।

বিঃদ্ৰঃ - PSA কোনো ঘটনাৰ সত্যাসত্য বিচাৰ নকৰে।

মই ভাড়া ঘৰত থকাৰ সময়ত পোৱা কিছুমান সচা অভিজ্ঞতা , ভাড়া ঘৰ অস্হায়ি ঠিকনা কিন্তু কেতিয়াবা স্হায়ী প্ৰভাৱ কিছুমান দি থৈ যায় ,কেতিয়াবা এই প্ৰভাৱে কৰোবাৰ উপকাৰ আৰু কাৰোবাৰ অপকাৰ কৰে। ২০০৭ চনৰ কথা, মই নগাও কলেজৰ পৰা মাত্ৰ ১.৫ কি.মি. মান আতৰত (সঠিক ঠিকনাটো গোপনীয় কৰি ৰাখিছো) কামৰ সুবিধাৰ্থে ৰুম এটা লৈছিলো , মালিকে অলপ কম ভাড়াত ৰুমটো দিছিল । ৰুমটো খুলিয়ে এটা উৎকট গোন্ধ পাইছিলো ,ৰুমৰ পাকাবোৰ গুলপীয়া ৰংৰ আছিল । মালিকে দৰ্জা খন খোলোতে বহুদিন নোখোলা দৰৰ্জাৰ কব্জাত মামৰে ধৰিলে হোৱাৰ দৰে শব্দ হৈছিল ,মই সুধিছিলো ৰুমৰ বেৰ বোৰৰ ৰং বোৰ কোনোবাই আতৰাই দিয়াৰ দৰে কিয় দেখি ,তেও বহুদিন ব্যৱহাৰ হোৱা নাই কাৰনে বুলি কলে ,মই যিমান প্ৰশ্ন কৰিছিলো ,সকলোৰে উত্তৰ তেও এই টোৱে দিছিল আৰু কিবা সুধিলে এই উত্তৰে যে দিব নিশ্চিত হৈছিলো।সেই কাৰনে মই কথা চমু কৰিছিলো ।ৰুমৰ চাবি টো দি , ঘৰলৈ গলে চাবি জমা দি যাবলৈ কলে,চতুৰ্থ মাহৰ পৰা চাবি লৈ যাব পাৰিব বুলি কলে ,ভাড়া দিয়া মাহৰ শেষ তাৰিখটো আৰু ৰাতি কেইটাত তলা মাৰিব ,পৰিয়ালৰ বাদে অন্য ladies আহিব নোৱাৰিব, এনেধৰনৰ নিয়ম বোৰ কৈ কাম কৰা মানুহ জনীয়ে ৰুম টো চাফা কৰি সজাই দিব ,তুমি কিবা এটা দি দিবা বুলি কৈ তেও আতৰি গৈছিল ,মই যেতিয়া মানুহ জনীক ৰুম চাফা কৰিবলৈ মাতিলো তেও নোৱাৰিম বুলি কলে,মই ভাবিলো মালিকৰ ঘৰত কাম কৰে কাৰণে ভাৰাতীয়াৰ কাম কৰিবলৈ বিছৰা নাই ।
কোনো মানুহ বিছাৰি নাপাই চব কাম,ৰুম চাফা কৰা আৰু বস্তবোৰ সোমোৱাই সজোৱা কাম লগৰ বন্ধু এজনৰ লগত কৰিলো। প্ৰথম ৰাতি বন্ধু জনো মোৰ লগতে আছিল, শুবলৈ লাইট তো অফ কৰি দিয়াৰ অলপ পাছত টিংত খোজ কাঢ়া শব্দ শুনিবলৈ পালো ,ৰুমৰ ভিতৰখন বহু গৰম যেন লাগিল ।কোনোবাই কাৰোবাক অৰ্নগল গালি পাৰা শুনিলো ,অলপ সুৰাৰ প্ৰভাৱ যেন লাগিল। ৩ মান বজাত সাৰ পাই গলো ,দৰজাত কোনোবাই লাহে লাহে টোকোৰিৱাই আছে । মই কোন বুলি সুধিবলৈ ধৰোতে ,বন্ধুজনে মাতিব মানা কৰিলে,ৰাতি বাহিৰলৈ ওলালে হাতত দা বা ৰদ আৰু পকেটত লাইটাৰ ব মেচ এটা লৈ যাবলৈ পৰামৰ্শ দিলে। বন্ধু জনৰ কথা শেষ হোৱাৰ লগে কিবা এটা অদ্ভুত গোন্ধ পালো ,ৰুমটোৰ দৰজা মালিকে খোলোতে এই গোন্ধটোৱে আছিল দুয়োজনে ইমান চাফা কৰিলো ,room spray মাৰিলো কিন্তু আকৌ গোন্ধ টো আহি গল,এইবাৰ ইংৰাজীত কোনোবাই কাৰোবাক গালি পাৰি থকা শুনিলো,বন্ধু জনৰ সৈতে মনে মনে অলপ সময় বিচনাত বহি আকৌ টোপনি গলো ।এনেদৰে ১০ দিন মান গল ,কিন্তু প্ৰতি দিনাই শেষ ৰাতি দৰজাত টোকৰ ,টিংত খোজ আৰু অলপ পাছত সেই উৎকট গোন্ধ ,কিন্তু ইংৰাজী ভাষাৰ গালি সদায় নাছিল,পাছত গম পালো মাতৃ ভাষাত আৰম্ভ কৰি শেষত অকল ইংৰাজী কোৱা জন মালিকৰ ককায়েক আছিল।শব্দটোৰ বিষয়ে মোৰ অলপ অনুসন্ধান কৰিব মন গল । এবাৰ শেষ নিশা লাহে লাহে টোকৰ ৰ সলনি তীব্ৰ জোৰেৰে দৰ্জাত গোৰ মৰাৰ দৰে শব্দ হল ,মোৰ খং উঠি গল ,সৰু ৰদ এদাল লৈ বাহিৰলৈ উলাই আহিলো ।কাকো নেদেখিলো ,অলপ আতৰ ৰ বাৰাণ্ডাত মালিকৰ ককয়েকক চিগাৰেট হুপি থকা দেখিলো ,আজি তেওৰ মুখৰ শব্দ এটাও শুনা নাছিলো ,মই কাষ চাপি প্ৰায়ে দৰজাত লাহে লাহে টোকৰ ,টিংত খোজ কাঢ়া আৰু আজি তীব্ৰ জোৰেৰে গোঢ় মাৰা কথাটো কলো ,তেও লাহে লাহে কলে ,ইয়াত মেকুৰী বহুত এন্দুৰ ধৰিব যাওতে টিং আৰু দৰজাত শব্দ হল চাগে আৰু কলে আজিৰ পৰা কেতিয়াও দৰজাত গোঢ় মাৰা শব্দ শুনিলেও বাহিৰলৈ নোলাবা ,বেছি ভয় লাগিলে ৰুমৰ লাইট জ্বলাই শুবা ।মোৰ লাহে লাহে ৰুমটোত থাকিবলৈ ভাল নলগা হল ,মোৰ ওচৰতে চিভিলত চাকৰি কৰা নলবাৰীৰ মানুহ এজন পৰিয়াল লৈ আছিল । প্ৰথম তেও সৌজন্যতামুলক মাতষাৰ দিবও বিছৰা নাছিল ,পাছত নিজে মাতি চিনাকি হল ,হয়তো দুদিন মান মোৰ চাল চলন নিৰিক্ষন কৰি লৈছিল । অলপ ঘনিস্ঠতা হৈ উঠাত তেওক ৰাতি হোৱা কথাবোৰ কলো ,তেও যি কলে মোৰ শুনি মোৰ ঘৰৰ মালিকৰ প্ৰতি ভাল ভাৱ নোহোৱা হল। ৰুমটোত ৬ বছৰ আগতে ছোৱালী এজনীৰ ৰহস্যজনক মৃত্যু হৈছিল ,আৰু বিশেষ নকৈ মানুহজনে মালিকৰ কম্পাউন্ডৰ ভিতৰত এই বিষয়ে পুনৰাই নুসুধিবলৈ কৈছিল , বাহিৰত লগ পালে তেওৰ সবিশেষ কোৱাত আপত্তি নাই বুলিও কৈছিল ।কাম কৰা মানুহ জনীয়ে কামৰ লগতে ভাৰাতীয়াই কি কথা পাতে ,ৰুমলৈ কোন কোন আহে আদি বোৰ মালিকক সদায় জনাই বুলি কৈছিল ।
ওচৰেৰে দোকান এখন মোৰ পুৰনি চিনাকি আছিল ,তেওৰ লগত কথা পাতি আৰু গমপালো ছোৱালী জনীয়ে নিজৰ গাত জুই লগাই দিয়াৰ পাছত ভিতৰৰ চিলিণ্ডাৰ বিস্ফোৰণ হৈছিল । বেৰ আৰু পকা মজিয়াৰ দুৰৱস্হাৰ আচল কাৰনটো জানিব পাৰিলো । দোকানী জনে কলে মালিকে চাগে ভাৰাতীয়াৰ টকাৰে ৰুমটো মেৰামতি কৰিব ,মাছৰ তেলেৰে মাছ ভজা কাম ।
সেইদিনা ৰাতি ঘৰলৈ যাবলৈ ৰুমৰ পৰা ওলাই আহিছিলো ,কিন্তু শেষৰ বাচখনো যোৱাৰ কাৰনে আকৌ ৰুমলৈ ঘুৰি আহিলো ,তেতিয়া মোৰ বাইক নাছিল,মালিকনীৰ পৰা চাবিলৈ ৰুম খোলাৰ লগে লগে অলপ আচৰিত হলো খিৰিকি খন খোলা আছিল ,মই যে ২ ঘন্টা মান আগত মাৰিছিলো মোৰ স্পস্ট মনত আছিল, মনটো কিবা লাগি গৈছিল,বন্ধু জনো নাছিল,থকাহেতেন ৰুমলৈ মাতি দিলো হয় ।সেই দিনাই দুই এদিনতে বেলেগ ৰুম ঠিক কৰা সিদ্ধান্ত লৈছিলো , সেই ৰাতিটোৱে ৰুমটোত শেষবাৰৰ কাৰনে থাকিম বুলি ঠিক কৰিছিলো । সেইদিনা

Paranormal society of Assam - Ghost Haunting Group North East India

https://youtu.be/gR_6x61tgs0

YouTube

DANGEROUS PARANORMAL INVESTIGATION BY A TEEN GIRL | SCARY VOICE & SHADOW CAPTURED ON HER CAMERA|

4G ROUTER DATA BOOSTER ANTENNA :- https://www.npcwireless.in/collections/4g-router-data-booster/products/npc-wireless-3g-4g-high-gain-yagi-antenna-with-10...

Paranormal society of Assam - Ghost Haunting Group North East India